অনিৰুদ্ধদেৱ ।। ১৫৫৩-১৯২৬
এ ভাই কমনে কৰ বিহাৰ ৷
প্ৰচণ্ডবেগৰ ঠাঠে ৰুহি আসে উমান নপৱা গাৰ ৷৷
গন্ধৰ্ব্ব-কতক গোটে গোটে পড়ি
আগতে মৰিয়া যাই ৷
ত্ৰিশ পাইকৰ হাজৰা পড়য়
ৰঙ্গ কৰ তাকে চাই ৷৷
লস্কৰগোট আগতে পড়য়
আনন্দ কৰ অধিক ৷
সকলে কটক পাড়ি আনিলেক
উমান নপৱা কিক ৷৷
শিলাঞ্চাৰ গড় ভাঙ্গিয়া কতক
ইটাৰ গড় খসাই ৷
তথাপি নিসাৰে আছ কেনে ভাই
অগ্নিৰ গড় নিমাই ৷৷
প্ৰচণ্ডবেগৰ বহিনী সুন্দৰী
জৰা আসি লাগ পাই ৷
অলক্ষিতভাৱে পুৰুষক পাই
স্বামী বৰিলেক তাই ৷৷
তেজ মাংস যত আগতে শোষয়
ছাল হোৱে সোটাসোট ৷
ভাই ভনীয়ে নগৰ বেঢ়িয়া
দিয়ে আতি বড় চোট ৷৷
যৱন পাইক দুৱাৰ ভেটয়
ওহলাইবে শকতি নাই ৷
ভয়ে নৃপতিও গৰ্জ্জিবাক লৱৈ
সিতো পুৰুষক চাই ৷৷
মৃত্যুৱে নিকট চাপিলেক আসি
নিবেক ডোল লগাই ৷
তথাপিতো তাৰ ইটো বিমৰিষ
মনৰ অগ্ৰতো নাই ৷৷
ধন-জন-ক্ষেত্ৰ- বিষম সুখত
আনন্দ মানে অধিক ৷
যদ্যপি বিষয় ভূঞ্জিবে নুৱাৰে
তাতে ৰতি আত্যন্তিক ৷৷
হৰি-চৰণত শৰণ পশিয়া
নকৰ যাৱে ভকতি ৷
কালৰ হাতৰ এড়াইবেক লাগি
আছয় কাৰ শকতি ৷৷
কৃষ্ণৰ চৰণে ভকতি-বিহীন
হুয়া মূঢ় অল্পমতি ৷
কহে অনিৰুদ্ধ ইবাৰ কৰুণা
কৰা মোক যদুপতি ৷৷