ভৱানন্দ দত্ত৷৷ ১৯১৯-১৯৫১
        ৰাজপথ
ব্লেক্ আউটৰ অন্ধকাৰময় হে ৰাজপথ,
কত ট্ৰাম, বাছ, টেক্সি, ৰিকশ্ব চলে
তোমাৰ উদাৰ বুকৰ ওপৰেদি ৷
কত ব্যগ্ৰ ৰজনীৰ উদভ্ৰান্ত প্ৰেমৰ
গোপন অভিসাৰ চলে
তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ ৷
কত অফিচ-ফেৰত হোটেল-বাকী কেৰাণী আদিৰ
শ্ৰান্তি গুচোৱা ৰূপ-বজাৰৰ
আমোদখিনিৰ সুবিধা দিয়া ৷
আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ
চৰণাঘাত লভিছা কত!
বিচিত্ৰ তোমাৰ লীলা,
দুকাষে তোমাৰ দালানৰ শাৰি,
পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিওৰ গান,
অৰ্গেনত ৰবীন্দ্ৰ-সঙ্গীত;
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলসায়িত দেহা ৷
আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা-পাত্ৰ লৈ শুই পৰা
মৃতপ্ৰায় কঙ্কালৰ শাৰি;
গৃহহীন যিসকল,
ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইন-পোষ্ট যেন
অৰ্থহীন অধিকাৰহীন
বঞ্চিতৰ বাঁচিবৰ বাঞ্ছা
তোমাৰ কোলাত পায় সিযে নিঃশ্ৰেয়স্ মোক্ষ ৷
Checked by Prasanta Borah.

Leave a Reply