বিনন্দচন্দ্ৰ বৰুৱা || ১৯০৫-

গড়গাঁও

গড়গাঁও, গড়গাঁও, কথা সুনি তল যাওঁ,
বাট দেখি পিছলেযে পাৱ;
দিখৌৰ সোঁতত যোৱা, ভটীয়নী বল পোৱা
উভতিব খোজে মাৰ-নাও |
-ওচৰতে দেখি গড়গাঁও |

ওলট-পালট দেশ, কথাৰে নহয় শেষ,
কটাৰীৰো ডাবে তাৰ কাটে;
বাঘ-গৰু হালে হালে, একে ঘাটে পানী খালে,
নগৰৰ দেও-লগা ঘাটে;
-দেও তাতে ফুৰে হাঠে-বাটে |

বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখ শিৰ,
দেও-লগা মানুহৰ দেশ;
উজুটিত ভাগে দাঁত, কোঢ়ালত হৰে মাত,
অহা-যোৱা নাই তাত শেষ;
জনে জনে ভিন ভিন বেশ |

সকলোৰে আছে কাম, নোহোৱাৰ নাই নাম,
কাপুৰুষে সদা পায় লাজ;
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি,
আদেশ মাথোন হয় ‘সাজ’
ইচ্ছা যেনে স্বৰ্গমহাৰাজ |

বিলত নগৰ হয়, নগৰত নৈ বয়,
ঢোদে তাত বান্ধ ৰাজআলি;
কাৰেঙৰ দেও-ইটা, শিল যেন চটা চটা,
গাঁথে তাত হাঁহকণী ফালি,
-বনুৱাৰ নিছিগেই লালী |

শাৰী শাৰী চোংঘৰ, দাঁতিত মাটিৰ গড়,
আছে ভৰি সেনা জাকে-জাক,
একেৰাহে দিন ৰাতি চন্তৰী বাব খাটি
নগৰত মাৰে ঘনে পাক;
-সৰু বৰ বুলিবানো কাক?

পূৰঠ ভীমৰ কায়, ভ্ৰান্তি অকণো নাই,
যুঁজৰ কুকুৰা যেন দেখি;
কুহুম-বুলীয়া পাগ, শিৰে স’তে কৰে আগ,
ৰজাক জীৱন দিলে লেখি;
-বৰ ভাল লাগে সাহ দেখি |

একে একে সকলোটি, বান্ধে গড়, খানে মাটি,
জাঁত জাঁত মাৰে বৰনাও;
ব’ঠা নাই, আছে হাত, দা নাই, আছে দাত,
এনে সেনা ৰাখে গড়ঁগাও;
-সেই দেখি শুনি তল যাওঁ |

যুঁজৰ বাতৰি পালে, হেংদান তুলি ল’লে
জাকে জাকে বাঢ়ি গ’ল আগ,
ল’লে ঘোঁৰা, ল’লে হাতী, হিলৈ, বৰশা, যাঠি,
যাৰ যেনে আছে পতা ভাগ;
শাৰী শাৰী দেখি মাথোঁ পাগ |

গিৰিপ গিৰিপকৈ, গড়গাঁও পাৰ হৈ
যায় সেনা হৈ-ধ্বনি কৰি;
ভৰিত শুকায় নৈ, শিল যায় ধূলি হৈ,
বসুমতী যায় যেন লৰি;
-ৰণচালি কোবে কোবে চৰি |

ঢোলত চাপৰ মাৰে, দবাত একোব পৰে,
ভোৰতালে খাওঁ খাওঁ কৰে;
মূৰত মথুৰা-পাগ, বিষায়াটি বাঢ়ে আগ,
ৰণুৱাই ৰণচালি ধৰে;
-গড়গাঁও টলমল কৰে |
বেৰে-ছালে আছে কাণ, গড়গাঁও নোহে আন,
দ্ৰোহীয়াৰ মূৰ কটা যায়;
ৰজাৰ কুশল হকে,প্ৰজা আহি বলি যাচে,
নিজ নিজ দেহাটি শোধাই;
-এনে ৰজা পাবলৈকে নাই |
ৰাজসভা কিনো চাবা, স্বৰগ হাতত পাবা,
চাই চকু জল-মল কৰে;
পিতলৰ দাপোণত এটি মাথোঁ মানুহত
চাৰি-পাঁচ গোট হৈ পৰে;
-দেখি বুকু ঘনকৈ লৰে |

জালি-কটা সুৰুঙাই ভয়ে ভয়ে সুমুৱাই
বেলিয়েও পোহৰৰ ছাটি
বাৰৰ ফুলত পৰি, বতাহত লৰি লৰি
ওৰে দিন দিয়ে ভাগ খাটি;
-যাব পাৰে আহিলেহে ৰাতি |

শাৰী শাৰী থাকে পৰা পাটী-খেৰ-থঙা-ঢৰা,
মানে মানে বহে মান-খোৱা;
কটকী দুৱৰী থাকে ডাংধৰা জাকে জাকে,
ৰাজসভা চালে-চকু-ৰোৱা;
-আছে কত অহা আৰু যোৱা |

স্বৰ্গদেৱ মহাৰাজ, পিন্ধিলে ৰজাৰ সাজ
সোণ-চৰা সিংখাপ চোলা,
হাতে তুলি হেংদান, দেশৰ ৰাখিব মান,
জুৰি বহে আসনৰ কোলা;
-সুকোমল কপাহৰ জোলা |

দেশৰ বাতৰি লৈ, কটকী চোৱাৰী গৈ,
আঁঠু কাঢ়ি সেৱাৰে জনালে;
মন্ত্ৰণা-সভা কৰি, দণ্ড হাতত ধৰি,
ৰাজ-কাজ সকলো কৰিলে;
-ৰাজ-সভা জিলিকি উঠিলে |

সপোনৰ শেষ ৰাতি, গড়গাঁও গ’ল উটি,
কাল-সাগৰত ঢৌ খেলি;
কোনো জনে সাৰ পায়, কোনোৱে উভতি চায়,
একেথৰে আছে চকু মেলি;
ভাগে মোহ দিলে লোকে ঠেলি |

গড়গাঁও আজি তাত, জিলীৰ শুনিবা মাত,
ভাবি চালে পিছলিব পাৱ;
নোলটেও, ভয় নাই, দিখৌৱেদি যোৱা নাই
ভটীয়নী সোঁতে মাৰ-নাও;
ভাবি ভাবি বিচূৰ্ত্তিযে খাও |

নাই সেনা, নাই হাট, নাই পানী, নাই বাট,
নাই ৰজা, ৰাজসভা তাত;
কাৰেঙে চিন আছে, দেৱে তাত ৰাতি নাচে,
মৰণৰ মেলা আছে হাত;
গড়গাঁও পৰি গ’ল শাঁত |

শ্মশান-বলিয়া কবি, শোকৰ বিচাৰি ছবি,
আছে তাত বহি ৰাতি-দিন;
হুমুনিয়া এটা পাই, বতাহেও লৈ যায়,
তাকে আনি দিয়ে মাথোঁ চিন;
বাকী সকলোটি কালে লীন |

পগলা কবিৰ গাত, মাৰে যেন চাট চাট,
কাৰেঙৰ ইটা খহি আহি;
শ্মশান বিচাৰি ফুৰা লগে মাথোঁ জুইকুৰা,
থাকিবযে নোৱাৰে সি নাহি;
-শ্মশানতো ফুলে ফুলপাহি |

Leave a Reply