– চন্দ্ৰকুমাৰ আগৰৱালা
আহিছে মানুহ গইছে মানুহ
মানুহ মায়াপী জীৱ;
মানুহ সোঁতৰ অন্ত নাইকীয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে |
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ;
এই যে পৃথিৱী স্বগৰ্তো অধিক
মানুহৰ নিজাপী ঘৰ|
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ;
কঁৰা কঁৰা পূজা পাদ্য-অৰ্ঘ্য লৈ
জয় জয় মানৱ-দেৱ|