– যতীন্দ্ৰ নাথ দুৱাৰা
মোৰ চিৰ জনমৰ চিৰ চেনেহৰ
যত অপূৰণ আশা;
হয়তো কাৰোবাৰ মধু পৰশত
পাব কেতিয়াবা ভাষা |
দেৱৰ আশীষ হয়তো নামিব
ফুলাব শুকোৱা কলি;
মাথোঁ মই যাম কেনিবা আঁতৰি
হম ধৰণীৰ ধুলি |