মিত্ৰদেৱ মহন্ত অধিকাৰ || ১৮৯৫-

গীত
চিৰচেনেহী মোৰ ভাষা-জননী,
আই ধন্যে-পুণ্যে হৃত্পাৱনী |
প্ৰকৃতি-পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি-জলে ঢালে পৰিমল,
কোমল চঁপাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে বুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী?

সংসাৰ-গুৰু-ভাৰে অৱশ পৰাণ,
বীণাত বিলীন হয় বীণা ভৰা তান;
কাৰ নিচুকনি সনা
শুনি বাণী বেথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি
জীৱনে-মৰণে-ৰণে লহৰী-সুধাৰ
ৰসনা শিতানে বহি সিঁচা শত ধাৰ
হে মোৰ মধুৰাননা,
মাগিছো মাধুৰী-কণা,
দিয়াঁ, দিয়াঁ, দিয়াঁ আই, মধুৰভাষিণী |

Leave a Reply