পৰম তৃষ্ণা
আজিৰ নোহোৱা মোৰ সুন্দৰ পৃথিৱী
জনমৰ যুগমীয়া তুমি,
অনন্ত কালৰ মোৰ শান্তিৰ জিৰণি
অতীতৰ স্বপ্নলীলা-ভূমি |
অতীত জন্মৰ কত অলেখ স্মৃতিৰ
গছে-পাতে পৰি আছে ৰেখা!
অফুত ভাষাৰ কত কৰুণ কাহিনী
প্ৰকৃতি-ৰূপত আছে লেখা!
কতবাৰ জনমিলে তোমাৰ কোলাত
গইছিলো আকউ উভতি,
অপূৰণ কৰমৰ ভাৰ বান্ধি লই
ঘূৰি ঘূৰি আহিছো উভতি
পাৰ্ব্বতীয়া জুৰিটিৰ জিৰজিৰণিত
শুনো যেন বিননিৰ সুৰ,
আছে জানো দুচকুৰ চকুলো দুধাৰি
বই যোৱা কোনোৱা যুগৰ?
নিয়ৰ মুকুতা পিন্ধি, হেঙুলী আঁচল মেলি
উষা আহে সোণালী ৰথত,
নিশাৰ ওৰণি ঠেলি অৰুণে মিচিকি হাঁহে
প্ৰকৃতিৰ ৰূপহী বনত |
দূৰণিৰ পখীজাক মিলি যায় দিগন্তত
মাতি যায় আকুল সুৰত
প্ৰতিধ্বনি বাজে সুদূৰত
জীৱন লগৰী মোৰ পিঁজৰাৰ পখীটিও
মিলি যাব খোজে অনন্তত
অসীমৰ অচিন বাটত!
পুৱঁতী নিয়ৰ সানি চেঁচা বাওছাটি
বই যায় কপাল তিয়াই
অজানিত বাতৰি বিলাই |
মুদ খোৱা চকুযোৰ নৌ মেলোঁতেই,
সপোন-জড়তা মোৰ নৌ ভাগোঁতেই,
যুগান্তৰ ক্ষীণ স্মৃতি সপোন পাৰৰ
ভাহি উঠি ধীৰে মিলি যায়,
হিয়া মোৰ আৱেগে কঁপাই |
শুনি বিহগীৰ গীতি সুৱলা মাতৰ
ভাহি উঠে স্মৃতি যেন কোন অতীতৰ |
গাই যোৱা অতীজতে কুলি কেতেকীৰ স’তে
পাহৰা সুন্দৰ কত গীত প্ৰভাতৰ |
সনা আছে শত স্মৃতি যুগান্তৰ প্ৰকৃতি-ৰূপত
জোনাকী জেউতি ঢলা সান্ধ্য পৱনত |
সেউজীয়া পথাৰৰ শ্যামল কোলাত
হঁহা-কন্দা বেজাৰৰ ঘাত-প্ৰতিঘাত |
মোৰ এই হৃদয়ৰ অসীম তৰঙ্গ ৰাশি
উঠলিছে প্ৰকৃতি বুকুত,
অতীতৰ পূৰ্ণ আৱেগত |
গাঁথিছো অনন্ত মালা লক্ষ জীৱনৰ
আধৰুৱাকই এৰা শত কৰমৰ,
মানস-মুকুতা লই কল্পনাৰ হাৰ
বোজা বান্ধি লই যোৱা অসীম ব্যথাৰ |
কিয় আহিছিলো বাৰু, গইছিলো কিয়নো উভতি?
কিহৰ ই অভিলাষ, কিয় এই সীমাহীন গতি?
সকলো পাইছো, তেও কিবা যেন নাই নাই,
মুখত নুফুটে ভাষা প্ৰাণে ভাব বিচাৰি নেপায়!
কোনে বাৰু দিলে তেনে মানুহৰ আতমাত,
বিশ্বগ্ৰাসী হেঁপাহৰ ক্ষুধা,
যদি তেওঁ থোৱা নাই আতমাৰ চিৰশান্তি
পৰশমণিৰ প্ৰেম-সুধা?
কোনেনো সদায় মাতে আকুল উতলা মাতে
কোন দূৰ সুদূৰৰপৰা,
যদি তেওঁ থোৱা নাই বিয়াকুল জীৱনৰ
শান্তিময় সুখৰ নিজৰা?
ভোগতেই মানুহৰ তৃপিতি পলোৱা হ’লে,
বাসনাও নোৱাৰে থাকিব;
মানুহৰ বাসনাৰ সমাধি-শয়ন হ’লে
জীৱন মৰণো নেথাকিব |
মানুহৰ দুচকুৰ অসীম সৌন্দৰ্য্য-তৃষ্ণা
সুখ-আশা, হেঁপাহ বুকৰ
নহয় ই মৰতৰ ক্ষন্তেকীয়া জীৱনৰ
সুখ-আশা পৰম পদৰ,
ৰূপ-তৃষ্ণা চিৰসুন্দৰৰ |