নিৰ্ম্মলপ্ৰভা বৰদলৈ৷৷ ১৯৩৩-
        এমুঠি কবিতা
১        বন্দুকৰ শব্দত ৰাতি পুৱায়নে?
        ওহো, পুৱায় সেই চৰাইটোৰ মাতত,
        যিটো চৰায় কুটি খায়
        ৰাতিৰ এন্ধাৰবোৰ
        লাহে লাহে৷
২        আহিনৰ পথাৰৰ গোন্ধ
        কেনেবাকে’ নাকত আহি লাগিলে
        মই হেৰা পাওঁ মোৰ দেউতাক,
        দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসত
        হেৰা পাওঁ মোৰ আইক
মই মোক মোৰ সন্তানৰ কাৰণে
        ক’ত থৈ যাম?
        ক’ত?
৩        আটাইবোৰ আয়নাতে
        মই তোমাৰ মুখ দেখোঁ৷
        ক’তো এখন আয়না
        বিচাৰি নেপালো,
        য’ত দেখা পাওঁ
        মোৰ মুখখন
        এবাৰলৈ৷
৪        চকুৰ পানী মোৰ
        মাটিত সৰি সৰি পাথৰ হৈছে
        ই ধূলি তিয়াব নোৱাৰে সঁচা,
        কিন্তু অস্ত্ৰ সাজিব পাৰিব৷

Leave a Reply