অসম-গৌৰৱ
আজি তোমাৰ প্ৰেমৰ মহা আকৰ্ষণে আনিছে হে আই,টানি,
ই মহামিলন দেখি গম্ভীৰে
আশিষিছে: নীলাচল যোগীবৰে
উমানন্দ-কমণ্ডলুৰে ঢালে শান্তিয়নী পানী|
দিয়াচোঁ জননী, তোমাৰ পুৰণি অমোঘ মন্ত্ৰ দান,
সেৱোঁ শ্ৰীচৰণ তৱ সন্তানে হিন্দু মুছ্লমান|
কেনে প্ৰশান্ত সৌম্য মূৰতি আছা, তুমি আই ধৰি;
চোঁৱৰ তোমাৰ শীতল মলয়,
শিতানত পৰি আছে হিমালয়;
ব্ৱ শিৰে শিৰে পুণ্য প্ৰবাহ তোমাৰ অংগ ভৰি|
যদিও নিজান তোমাৰ আকাশ জিলিকে ইয়াতো তৰা,
জিলিকি কতনো মহাকবি, সতী
ধৰ্ম্ম-কৰ্ম্ম-বীৰ সেনাপতি,
উজলাই ত্ৱ মুখৰ কান্তি উজলালে বসুন্ধৰা|
নোহাৱা জননী নিচলা দুখুনী, তুমি বসুধাৰ ৰাণী|
অতীত স্মৃতিৰ মুক্তা-মণিৰে
শোভিছে কণ্ঠ পুণ্য জেউতিৰে
তোমাৰ তটিনী-বিহগ-কণ্ঠে শুনে মহিমাৰ বাণী|
অকল আমাৰ চকুতে তুমিতো নোহোৱা কাম্যভূমি,
মুনি-মনোহৰা তোমাৰ কান্তি,
বিচাৰি তোমাৰ বুকুৰ শান্তি
আহিল বশিষ্ঠ, গালৱ, গোকৰ্ণ আদি কত মহামুনি|
ধৰাৰ মাজত তুমিয়ে জননী এখনি শুৱ্নি ধৰা|
কতনো তীৰ্থ, সৰিত, সাগৰ,
কত মন্দিৰ, কত গিৰিবৰ,
আছা জনজাতি বুকুত সাৱটি অমিয় চেনেহ ভৰা|
আনিছো জননী হিয়াৰ অৰ্ঘ্য তোমাক পূজিম বুলি;
দিয়াঁ দিয়াঁ আই চেনেহ-নিৰ্ম্মালি,
হিংসা স্বাৰ্থ দিম আজি বলি;
পাতিছে হেঁপাহে জাতীয় যজ্ঞ ভাই-ভনী মিলি-জুলি|