প্ৰসন্নলাল চৌধুৰী || ১৯০২-

শ্ৰীপঞ্চমী
কাৰ পূজা তই পাতিলি তৰুণ
শ্ৰীপঞ্চমীৰ দিনা,
উষাতে বজালি উত্সৱ-বীণা
তুলি কীৰ্ত্তন-ৰোল
বজালি খোল,
ফুৰালিযে সমদল!
হাঁহি-ধেমালিয়ে পূজাৰ মন্ত্ৰ
নকৰ তল,
চা আকাশত মন্ত্ৰসকল
প্ৰকাশ হ’ল |
যায় যায় ক্ৰমে লীন!
আহে কলৰৱ সুখৰ দিন!
নাযাওঁতে এই ক্ষণ
নহওঁতে শেষ ইহেন লগন
হোমৰ সমিধ প্ৰাণ-প্ৰদীপৰ
শিখাৰে জ্বাল,
অগ্নি মুখত আহুতি ঢাল!
মনত কৰ!
ঋক-উচ্চাৰণ-মগন পৱন,
সৰস্বতীৰ পুণ্য তীৰ
সুনীল শীতল প্ৰৱল নীৰ |
প্ৰৱাহিত ধীৰ উষাৰ সমীৰ |
দেৱীৰ প্ৰথম বোধন-দিন!
আৰ্য্য-ভূমিত বাজিল বীণ!

কোন ৰহস্য-লোকৰ মাজেদি,
গভীৰ আদিম অন্ধকাৰ ভেদি
আহিল আৰ্য্যগণ;
মুখত অগ্নি-জ্যোতিঃ-মন্ত্ৰ,
হাতে হাতে প্ৰহৰণ!
চৌপাশে ঘেৰা অসুৰ-দল!
কৰে ৰণ-ৰোল,
টানে ধনু-ডোল,
গাওঁ পুৰি কৰে ছাই,
গৰু লুটি লৈ যায়,
পকা ধান নিয়ে দাই,
দলে বলে ছলে কলে কৌশলে
চিন্তে যজ্ঞ-নাশ,
আহে যত দাস
বিস্তাৰে ত্ৰাস,
বাকী নেৰে শিশু নাৰী,
উচ্ছেদ কৰে বাস!
সেই সংঘাত, সেই আৱৰ্ত্তত
ৰোষ-পিঙ্গল আকাশ-তলত
বাণীৰ মন্ত্ৰ প্ৰকাশ হল!
উষা-আলোকত গলিল,
নামিল সলিল,
সৰস্বতীৰ ঢল,
যৌৱন টলমল,
চমকি ফুলিল
বিকাশৰ শতদল!
বিদ্যাদায়িনী জননী আহিল,
মুক্ত মানস-মৰাল ভাহিল,
বীণাত ঐক্য-তন্ত্ৰী বাজিল,
দেৱী জাগিল,
দেৱতা জাগিল,
জাগিল আৰ্য্য-দল
জিনি ল’লে জল-স্থল |
আকাশ-পৱন
হৃদয়-মন |
আজিওতো দেৱাসুৰে
প্ৰাণপণে যুঁজ কৰে,
অসুৰে কৰিছে স্বৰ্গ বিজয়,
সুধা-পাত্ৰৰ সাৰ কাঢ়ি লয়
দেৱতাই কৰে অসুৰক ভয়,
দাসত্ব বোজা বয়,
নতমুখে ঘোষে অসুৰৰ জয় জয়!
পূজাৰ কি আয়োজন?
হ’লিনে মৌন নিৰ্ম্মল মন?
আছেনে শ্ৰদ্ধা শুদ্ধ?
হ’লি প্ৰবুদ্ধ?
কৰিলেনে নৱ কুসুম-চয়ন
জাগে যত জনগণ মহামন
ফুৰি তাৰ ফুলবন?
ৰচিলি দেশৰ বাণীৰ স্বৰূপ
নোহোৱাকে খতি-খুন?
আনিছ ভক্তি-ধন?
নীৰৱ সাধন কৰিছ মন?
চাপিছে পূজাৰ ক্ষণ |

*
সমাৰোহ, আয়োজন
কিয় ই নিয়ন্ত্ৰণ?
গাত গা লগাত অপৰাধ য’ত
তাত কি প্ৰীতি-ভোজন!
জ্ঞানৰ পূজাত অজ্ঞতা ভেদ
কৰিনো কি প্ৰয়োজন?
নৰ-জন্মক নকৰিবি অপমান,
মানৱাত্মাক নকৰিবি হীনজ্ঞান!
বুভুক্ষু মন আছে উপবাসী,
কৰ সুধা বিতৰণ |
জাকে জাকে সৌ ক্ষুধিত লুব্ধ
শিশুৰ দল,
শিক্ষা-দীক্ষা-যত্ন-বিহীন,
কপালত লীন প্ৰতিভাৰ চিন
চাপিছে পূজাৰ থল!
দেখি ভাৰতীৰ নয়ন-কমল
গলি বয় অশ্ৰু-জল
বেদনাত অবিৰল!
নোৱাৰে মচিব তুলি অঞ্চল
ঝন ঝন ঝন বাজে শৃঙ্খল,
গাঁথা কঙ্কণ ঘেৰি
চৰণতো লোৰ বেড়ি!

এই বন্ধন ছেদিব লাগিব
তৰুণ তই,
লৌহ-দুৰ্গ ভেদিব লাগিব
মুক্ত বাৰ্ত্তা কৈ |
শৃঙ্খল গুৰুভাৰ
শৃঙ্খলা প্ৰতিকাৰ |
এৰ আমোদৰ উন্মত্ততা,
বন্দিনী তোৰ ৰাজৰাণী মাতা,
সংযত হ’বি
তোৰ নামে এই আহেহে ডাক
-ৰণক্ষেত্ৰত মিলিছে বীৰৰ জাক!
জ্বল জ্বলন্ত সত্যৰ বাণী
মনে পৱনে তোল তোল ছানি
পূজাৰ সজীৱ মন্ত্ৰৰ ধ্বনি,
আলাপ কৰ!
ফলিব সাধন, হ’ব সম্পূৰণ
বাণীৰ বৰ |

Leave a Reply