ৰত্নকান্ত বৰকাকতী

বিশ্ব-হৰণ
তেতিয়া যদিও নাছিলা তুমি
ৰূপৰ চমকে চমকাই চকু |
আছিল তেতিয়া
সুন্দৰ মোৰ
জোন-বেলি তৰাই
জুৰাই বুকু |
আছিল আকাশ মুকলি হৈ
মোকেই সদায়
কোলাত লৈ
বতাহে দিছিল চুমা;
গাইছিল নৈয়ে
কুলু কুলু গান
মোৰেই লগত
ধৰি সমতান,
নাছিল সুখৰ সীমা |
মোকেই চাই
হিয়া বিয়াকুল
হাঁহিছিল কত
প্ৰভাতৰ ফুল,
নিশা কান্দিছিল তৰা;
যেই পিনে চাওঁ
সেইপিনে দেখোঁ
মোৰেই সকলো
মোৰেই মাথোঁ
মোৰেই বসুন্ধৰা |
যিদিন হন্তে
চকু ছাট্ মাৰি
তুমি উজলিলা মোৰ;
সেইদিন ধৰি
যেন নিছা হৰি
তিল তিলকৈ
সকলোবোৰ |
তিল তিলকৈ
হৰিলা বিশ্ব,
তিলোত্তমা হৈ
কৰিলা নিঃস্ব
কাঢ়িলা জোনৰ মুখ;
আকাশৰ কোলা
কৰিলা উদং,
বতাহৰ নিলা
মনৰ ৰং,
নৈৰ নথ’লা সুখ |
ফুলৰ হৃদয়
কৰিলা হৰণ
লুটিলা তাৰ
লাৱণ্য-বৰণ,
তৰাক পেলালা জঁয়;
হৰিলা বেলিৰ
হিৰণ কিৰণ,
কৰিলা বিৰাট
বিশ্ব হৰণ
তাৰু কি প্ৰাণত সয়?

Checked by Prasanta Borah

Leave a Reply