কবি-প্ৰাণ
কবিৰ অন্তৰখনি আলসুৱা অতি,
তুমি তাত নিদিবাঁ যাতন,
কবিৰ প্ৰাণৰ কথা বুজিবা কি তুমি
তোমাৰযে উপৰুৱা মন!
চিকমিক তলি দেখা-নিজৰাৰ দৰে
নিতে জানা কবিৰ হৃদয়,
আৱেগৰ কণা তাত উৰি উৰি ফুৰে
নাই শোক-অশান্তিৰ ভয় |
হে তাৰ্কিক জ্ঞান-গৰ্ব্বী, নেচাপিবাঁ কাষ
তোমাৰ সি তৰ্ক-জাল লই,
কবিৰ অন্তৰখনি পুণ্য তপোবন
যুক্তিহীন ভকতি-আলয় |
প্ৰাণ-হীন কাঠ-হাঁহি, বিদ্ৰূপৰ ঢউ,
প্ৰতিধ্বনি সংকীৰ্ণ প্ৰাণৰ,
থক দূৰ-দূৰণিতে, নিদিবাঁ বিঘিনি
প্ৰেম-ভৰা কবিৰ অন্তৰ |
কবিৰ হৃদয় বেৰি ফুলিছে এখনি
বিতোপন সুগন্ধি ফুলনি,
তাৰ প্ৰতি গছে-ফুলে দিমগই ঢালি
সাতোখন তীৰথৰ পানী |
তুমি যদি চাপা কাষ কুসুম-কানন
চোৱা মাত্ৰে জঁই পৰি যায়,
তোমাৰ চকুত আছে মৰণৰ বাণ,
উশাহত বিঘিনি অপায়
তুমি য’ত আছা সিযে যোজনৰ পথ
তাৰপৰা শুনি পোৱা টান
কবিৰ প্ৰাণত থকা নিকুঞ্জ বনৰ
শতমুখী বিহঙ্গৰ গান |
তুমি যদি চাপা কাষ, তোমাৰ ভয়ত
বিহঙ্গই এৰিব কূজন;
তোমাৰ চৰণ-ধ্বনি মৃত্যুৰ প্ৰহৰী,
শুনা মাত্ৰে জীৱন্তে মৰণ |
কাষৰৰ শিলাময় গিৰি-হিয়া ভেদি
চোৱাঁ সউ নিজৰা ওলায়,
কবিৰ প্ৰাণেদি বয় কুলকুল সুৰে
অন্তহীন প্ৰেম-গীতি গাই |
যদিও নিজৰা-তান বিশ্ব বিয়পিছে,
তুমি তাক শুনিবা কিমতে ?
তোমাৰ কাণত বাজে ভীষণ ৰাগিণী
শ্মশানৰ হুমুনিয়া স’তে |
তুমি থাকাঁ নিলগতে, তোমাৰ কাৰণে
নাই ঠাই কবি-কাননত,
তুমি পাপী, আৱেগৰ সোণালী কিৰণ
নিজিলিকে তোমাৰ প্ৰাণত |
তুমি যদি চাপা কাষ, কবিৰ হূদয়
পুষ্পহীন মৰুভূমি হ’ব
ভৰ-পূৰ আবেগৰ প্ৰেমৰ সলনি
বৈৰাগ্যৰ মহাসিন্ধু ব’ব |
এতিয়া কবিৰ প্ৰাণ স্বৰ্গ-প্ৰভাময়
সংসাৰৰ মলিনতা নাই,
তোমাৰ পৰশ পালে লুকাব জেউতি
হিয়া হ’ব যাতনাৰ ঠাই,
অন্তিমৰ আভাসত কান্দিব আতমা,
ছাৰ-খাৰ দেহা প্ৰাণ-মন,
প্ৰলয়ৰ পয়োধিত বুৰিব সিদিনা
দুপৰতে তৰুণ তপন |