তুমিৰপৰা
তুমি লাজৰ ৰাঙলী আভা
গাভৰুৰ গোলাপী গালত;
তুমি শান্তিৰ জিৰণিখিনি
চেনেহীৰ বাহুৰ তলত |
তুমি চুমাৰে উপচি উঠা
লাহৰীৰ ৰঙচুৱা ওঁঠ;
তুমি চুমাৰে ৰাঙলী চৰা
প্ৰেমেৰে আল্পুত মনোৰথ |
তুমি সুৱদি কটাক্ষ এটি
সুম্দৰীৰ পদুমী চকুত;
তুমি অমিয়-মাধুৰি সনা
মুখখনি সুন্দৰ নিখুঁত |
তুমি মনে মনে উঠি অহা
চেনেহীত চুমাৰ হেঁপাহ;
তুমি প্ৰেমিকাৰ নিৰাশত
প্ৰেমিকৰ অন্তৰৰ দাহ |
তুমি ৰসৰ প্ৰতিমাখনি
সুন্দৰীৰ ৰসাল বুকুত;
তুমি মিচিকিয়া হাঁহিখিনি
প্ৰেমিকাৰ মধুৰ মুখত |
তুমি উগুল-থগুল হোৱা
বিলাসৰ গাভৰু এজনী;
তুমি আৱেগেৰে ভৰ-পূৰ
বিৰহীৰ বুকুৰ কঁপনি |
তুমি বিলাসী বিচাৰি ফুৰা
বিলাসিনী বিয়াকুল হই,
তুমি খোজে পতি সুন্দৰীৰ
সৌন্দৰ্য্যৰ সোঁত পৰা বই!
তুমি দূৰণিৰ প্ৰেমিকৰ
হেঁপাহৰ ব্যগ্ৰ হিযাখনি
তুমি বিৰহিণী-অন্তৰত
মিলনৰ বলিয়া কঁপনি |
তুমি মিলনৰ প্ৰথমতে
লাজুকীৰ কঁপি উঠা বুক;
তুমি সুন্দৰীয়ে সুন্দৰত
মিলনৰ তৃপ্তিহীন সুখ |
তুমি নিতম্বিনী সাদৰীৰ
নিতম্ব-চুম্বিত চুলিকোঁচা,
দেখুৱাই অন্তৰত
অতৃপ্তিৰ মহাচিত্ৰ ৰচা |
তুমি প্ৰেমেৰে উঠলি উঠা
সোণালী বুকুত ৰসধাৰ;
তুমি প্ৰেমিকাৰ অধৰত
ৰাখি দিছা মহাভোগ কাৰ?
তুমি ৰাঙলী ওঁঠেদি অহা
মিঠা মিঠা মধুৰ হাঁহিটি;
তুমি শুই থকা সুন্দৰীৰ
চকুটিৰ অলস পাহিটি |
তুমি মুকুতা টোপাল এটি
প্ৰেমিকাৰ বিচ্ছেদী চকুত;
তুমি প্ৰেমৰ মদিৰা সানি
গঢ়ি উঠা সুন্দৰ নিখুঁত |
তুমি মোলান দুডালি বাহু
ধুই দিয়া সোণালী সোঁতেৰে |
তুমি শীতল পৰশ এটি
এৰি দিয়া হেঙুলী হাতেৰে |
তুমি জোনালী আঙুলিকিটি
ৰূপহীৰ সোণালী হাতত;
তুমি প্ৰাণৰ মিলন-ৰস
ঢালি দিয়া প্ৰেম-কটাক্ষত |
তুমি ডেকাৰ প্ৰাণত থকা
গুপুত হেঁপাহ বুজি পাই
মিলন-বলিয়া বুকু
এৰি দিয়া ওচৰ চপাই |
তুমি প্ৰেমিকৰ চুমা পাই
ৰোহ পতা আদৰীৰ গাল;
তুমি সেন্দুৰৰ ফোঁট পিন্ধা
সাদৰীৰ সাঁজলী কপাল |
তুমি প্ৰেমৰ ধেমালি খেলি
উজাগৰ খপা চকুটিত
চঞ্চলতা সানি মোক
নিচুকোৱা কল্পনা-পাটীত?
তুমি সুগহীন ৰজনীত
প্ৰেমিকৰ মধুৰ সাক্ষাত;
তুমি বিলাসত বুৰি পৰি
মাতি অনা শান্তিৰ প্ৰভাত |
তুমি শুকুলা এখনি গাল
সানি দিয়া উষালী ৰহণ;
তুমি কিশোৰী, ষোড়শী বালা
আলেঙে ইঙ্গিত দিয়া মন |
তুমি পলাশী ওঁঠৰপৰা
আথে-বেথে বাগৰি বাগৰি
পমি যোৱা কথাখিনি
প্ৰেমিকৰ অন্তৰত পৰি |
তুমি আধা খহা ৰিহাখনি
সুন্দৰীৰ উঠঙা বুকুত,
তুমি প্ৰেমিকক সঁপি দিয়া
প্ৰাণখনি প্ৰাণৰ সুখত
তুমি গোলাপী গালত শোভা
শাৰী শাৰী মুকুতাৰ ঘাম
বিয়াকুল কৰি মোক
সুষমা ঢালিছা অবিৰাম |
তুমি চঞ্চল এযুৰি চকু
আলিঙ্গন বিচাৰি বিচাৰি;
তুমি গভীৰ ধ্যানত বহি
পমি যোৱা প্ৰেমৰ পূজাৰী!
তুমি টিপতে সৰকি পৰি
সপোনৰ প্ৰেম-কুঞ্জখিনি;
লয়-লাসে নামি আহি
বুকুত সাবটি ধৰাজনী |
তুমি আকুল প্ৰেমিকজন
প্ৰেমিকাক আঁকোৱালি ধৰা;
লাজত পমাই তুলি
গালখনি গুলপীয়া কৰা |
তুমি দাপোণ আগত লই
চাই চাই আপোন মাধুৰী,
মিচিকি মিচিকি হাঁহি
মুগ্ধ হোৱা ৰূপহী লাহৰী |
তুমি মিলনতে মজি পৰা
ক’লা ক’লা ভুৰুৰ টিঙত
মদনৰ শৰ হানি
প্ৰেম-তৃষ্ণা জগোৱা প্ৰাণত |
তুমি বসন্তৰ চুমা পাই
বিলাসিনী ষোল-বছৰীয়া;
আউলী-বাউলী হোৱা
মিলনত হই মতলীয়া |
তুমি হিয়াত সামৰি লই
কাৰ এনে উদভ্ৰান্ত হেঁপাহ
সুন্দৰীৰ ত্ৰিৱলিত
সাজি আছা সৌন্দৰ্য্যৰ বাহ?
তুমি নিটোল নিতম্বযুৰি
খোজে পতি উঠা কঁপি কঁপি,
তুমি সুখেৰে নিমগ্ন তাত
মিলনৰ মন্ত্ৰ জপি জপি |
তুমি কেৰাহি কটাক্ষ এটি
চেনেহীৰ চকুৰ চুকত;
তুমি চুমাৰ হেঁপাহ এটি
ভৰ-পূৰ জোনালী বুকুত |
তুমি প্ৰেমেৰে ভৰাই ৰাখি
সুন্দৰৰ ক’লা চকুযুৰি
জলাকলা কৰি কিয়
এইদৰে মাৰা মোক পুৰি?
তুমি কিয়নো লুকাই থাকি
সাদৰীৰ ভুৰুৰ মাজত
অতৃপিতি উদগোৱা
মোৰ প্ৰেম-দগ্ধ হূদয়ত?
তুমি কিহেৰে ভৰাই ৰাখি
সুন্দৰীৰ সুন্দৰ নাসিকা,
লাহেকে বোৱাই দিয়া
চুমা এটি দিবৰ বেলিকা?
তুমি বিমল মেখলা ফালি
বই পৰা ৰূপহীৰ ৰূপ;
তুমি হেমালী উৰুত বহি
সাজি থকা সৌন্দৰ্য্যৰ কূপ |
তুমি বোৱাই হেমেজুধাৰ
লাহৰীৰ লৱনু গালেৰে
সৰজি সুষমা কিয়
বান্ধা মোক বিৰহ-ডোলেৰে?
ৰাতিটোৰ ভিতৰেদি
ভাবি ভাবি ভাগৰি ভাগৰি,
তুমি কল্পনাত খেলা মোৰ
প্ৰেম-খেলা বাগৰি বাগৰি |
তুমি জুনুক-জানাক খোজে
কাষত কলসী লই আহি,
এটিপতে অন্তৰত
উদগোৱা অতৃপ্তিৰ বাঁহী |
তুমি চুচুক-চামাককই
সুবিমল ৰিহাৰ আঁৰত
কাৰনো মু’খনি আহা,
থই দিছা পমাই কিহত?
তুমি ওৰণি আঁৰত কৰি
মিচিকিয়া মিঠা মুখখনি
প্ৰেমিকৰ গাত ঢালি
এৰি দিয়া ৰসাল চাৱনি |
তুমি তৃপ্তিৰ কটাক্ষ এটি
চাই লোৱা সুৱদি ছেগত;
তুমি লৱনু দুখনি ভৰি
খোজ কঢ়া সুমন্দ বেগত |
তুমি মিলনৰ কথা শুনি
টলমল নতুন কিশোৰী;
তুমি লাজেৰে দুখনি গাল
ৰঙা কৰি মাৰা মোক পুৰি |
অম্বিকাগিৰি ৰায়চোধুৰী || ১৮৮৫-১৯৬৭