দহিকতৰা
অ’ মৰমী বন্ধু মোৰ অ’ দহিকতৰা,
কোন মূৰ্চ্ছনাত তোৰ বাজে দোতাৰা,
মিলন-মাধুৰী লই
আহিছ সাদৰী অই,
কোন বিৰহীক দিবি প্ৰেমৰ বতৰা,
পদূলিত আছে বই গুলঞ্চি কতৰা !
আলোক নে অন্ধকাৰ সুদূৰ প্ৰান্তৰ
কোন সাগৰৰপৰা
অমৃত গৰল ভৰা
মেলি দিছ সঁফুৰাটি মোহিনী কণ্ঠৰ,
বই গ’ল বিশ্ব ব্যাপি দিক্ দিগন্তৰ !
কোনেনো পঠালে তোক কলকণ্ঠী কৰি ৷
পূবে দিলে ধলফাট
মাতিলি সুৱদি মাত
শীতলী মলয়া বাৱে দিলে পাল তৰি ;
প্ৰকৃতিৰ নিস্তব্ধতা গ’ল ভেদ কৰি ৷
জহ গ’ল বৰ্ষা গ’ল আহিল শৰত,
বিদ্যাধৰী চিত্ৰলেখা
খঞ্জনী দিলেহি দেখা,
নাচে কত ছন্দ তুলি কৰুণ সুৰত,
চমক লগালি কিনো নন্দনপুৰত ৷
কাষত মঙ্গল-ঘট ফুলৰ কৰণি
মিলি যত বনমালা
পিন্ধাইছে বনমালা
বুকুত সজাই দিছে দুগ দুগিখনি,
ধৰিছে উষাই ৰূপ কনক-বৰণী ৷
পুষ্পবৃষ্টি হ’ল তোৰ পৰশমণিত
নিমজ ঘাঁহনিডৰা
পানীপিয়লীৰে ভৰা
মুকুতাৰ শুভ্ৰমালা শ্যামল পাটীত ;
কি সুন্দৰ স্নিগ্ধকান্তি ফুল্ল বননিত
শ্যামল তৃণেৰে ভৰা ধুনীয়া পথাৰ
সুন্দৰী শাৰদ বালা
পিন্ধালে হৰিত মালা
সঙ্গীতৰ হিল্লোলত প্ৰেমৰ আধাৰ
ফুলিল হ্ৰদত কত কুমুদ কহলাৰ ৷
আছিলি নিমাতী হই কত দিন ধৰি ;
বলিল শীতল বাৱ,
কুৰুৱাই দিলে ৰাৱ,
আহিলা বসন্ত দৰা লাহ-বাহ কৰি ;
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি ৷
ক্ষীৰস্ৰাৱী সুকণ্ঠৰ মল্লাৰ-ধ্বনিত,
বাজি উঠে বনবেণু
উৰি ফুৰে ফাকুৰেণু
কৰে নৃত্য-লীলা-ভঙ্গি ফুল্ল ফুলনিত
উঠিল স্পন্দন গিৰি-শিখৰ-মণিত ৷
পল্লৱে পল্লৱে ভৰি উঠে গীতি-ছন্দ,
কিবা অপৰূপ দৃশ্য,
উদ্বেলিত মহাবিশ্ব,
স্বৰগৰপৰা আনি অমৃতৰ ভাণ্ড
ঢালি দিছ মৰতত প্ৰেম-মকৰন্দ ৷
কাৰ প্ৰেৰণাত তই জুৰিলি সঙ্গিত,
তটিনীৰ ক্ষীৰ-ধাৰা
কাৰ প্ৰেমে আত্মহাৰা ?
যি গীতৰ তৰঙ্গত হ’ল তৰঙ্গিত,
হৃদয় আপ্লুত কৰে নাচোন-ভঙ্গিত ৷
সঙ্গীতৰ সুধাধাৰা দিলি তই বাকি ;
আকাশত ৰামধনু
ৰঞ্জিলে নীলিমা তনু
দেৱপুৰী এৰি থই আকাশী নৰ্ত্তকী
মৰতত ভৰি দিলে উৰ্ব্বশী কেতকী ৷
মেঘকন্যাসৱে পিন্ধি তড়িতৰ হাৰ
গাত লই নীলাম্বৰী
আৰোৱাণখনি ধৰি
আগ্ৰহেৰে দিছে তোক প্ৰীতি–উপহাৰ,
কুঞ্জে কুঞ্জে ঘুৰি কত কৰিছ বিহাৰ ৷
আলোড়ি গন্ধৰ্ব্বপুৰ নন্দন কানন,
গালি কিনো বিশ্বজিত
মদালসা প্ৰেম-গীত,
পাতিলি প্ৰেমৰ হাট লীলা-নিকেতন ;
কৰে য’ত বসন্তই কুঞ্জে নিধুৱন ৷
সোণ-গুটি সোণাৰুৱে লই থোপামণি,
কনক-কৱিতা ৰচি
দিছে প্ৰেম উপাযাচি,
ধৱল মেঘৰ বুকু তুলাপাতখনি
কত কাব্য-কথাৰেই হইছে শুৱনি ৷
লুইতৰ কাণে কাণে কহুঁৱাৰ ফুল
বতাহত হালি জালি
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ-ধৱল-কান্তি ধৰিছে পিপুল ;
যেন সুৰ-তৰঙ্গিণী পুলকে আকুল ৷
সোণোৱালি ৰহণব সৰিয়হডৰা,
ৰূপৰ মাধুৰী-সনা
ঢালি প্ৰেম জ্যোতিকণা
উৰায় পৰাগ-ফাকু মন-প্ৰাণ হৰা
ৰমক-জমক হ’ল বিশ্ব বসুন্ধৰা ৷
শোভাৰ অজন তুলি তৰু শোভাঞ্জন ;
তাতে পৰি প্ৰিযা তই
তুলি সঙ্গীতৰ লয়
সানি দিলি ৰূপচ্ছটা ধৱলী অঞ্জন,
কৰিছে স্বৰ্গীয় দৃশ্যে হৃদয় ৰঞ্জন !
বুঢ়া অজাৰৰো তয়ে ভাঙিলি চমক,
লাগিল বসন্ত বা,
উলহ মালহ গা,
নৱ কিশালয় দলে কৰি জকমক
সম্ভাষিছে ভাগৰুৱা কত পথিকক ৷
শিৰীষ ডালত প্ৰিয়ে পৰি দিনে দিন
ফুল-কোঁৱৰক লই
কি খেলা খেলিছ তই ?
ডেকাধনি লাগি তাৰ দেহা হ’ল ক্ষীণ,
এয়েনেকি যাদু তোৰ ভাল পোৱা চিন !
ৰূপহী সেউতী জৱা চম্পা যুতি জাতি
ফুলৰ কুঁৱৰীবোৰে
সাজি ৰং-ৰূপহেৰে
ফুলৰ শৰাই কত থানে থানে পাতি ;
জনাইছে ব্যাকুলতা ইঙ্গিতেৰে মাতি ৷
দিনফুলি মালতীৰ ৰূপ বিতোপন,
বিচিত্ৰ বৰণ ধৰি
বুকুখনি উদি কৰি
লই গন্ধ-উপহাৰ কুঙ্কুম চন্দন ;
যাচিছে সাদৰী তোক প্ৰণয়-চুম্বন ৷
কৰবীৰ-টগৰত তুলি দিলি ঢৌ ;
ফুলে ফুলে ফুলৰাণী
সাজি দিলে ফুলবেণী
মৌ-পিয়া আটাটীকো লাগে কিবা মৌ ;
মনৰ আশাটি বাৰু পূৰাবি নে নৌ ?
আলসুৱা ডালিমীৰ বুকুখনি জুৰি
পাখিলাহী পখিলাই
ঘনে ঘনে চুমা খায়
ৰূপ-লীলা-তৰঙ্গত নাদুৰি সাঁতুৰি
হেঁপাহ পলাই পিয়ে অমিয়া-মাধুৰী ৷
অ’ প্ৰেয়সী গুটিমালী, নহ’বি অধীৰা,
প্ৰিয়তমজনে আহি
বজাই মোহন বাঁহী
পিয়াব মিলন দূতে প্ৰণয়-মদিৰা ;
পলাব পিয়াহ ভোক হৃদয়ৰ পীড়া ৷
বিহুৱতী সুৱাগীয়ে বিহুনাম গাই
পিন্ধি বনকৰা শাৰী
লগালেহি মাতষাৰি,
ফুল-বছা ৰিহাখনি গাত মেৰিয়াই
বিলাহী ময়ূৰে দিছে জেউতি চৰাই !
সুৰত-প্ৰসঙ্গী সৌ কপোত-মিথুন,
ৰঙেৰে আধাৰ বাটি
অমাতৰ মাত মাতি
দেখাইছে প্ৰণয়ৰ চানেকি চিকুণ ;
যেনি চাওঁ তেনি যেন সকলো নতুন
সখি অ’ সখি অ’ বুলি সখিয়তী বাই,
গছে গছে উৰি উৰি
তোৰ সুৰে সুৰে ধৰি
ৰূপ-গন্ধ-জেউতিৰে সৌন্দৰ্য্য বঢ়াই ;
প্ৰকৃতিৰ নগ্ন ৰূপ দিছে সোলোকাই ৷
অ’ মৰমী বন্ধু মোৰ, অ’ মোৰ বহনা,
চক্ৰবাক-মিথুনৰ
আশা হ’ল মিলনৰ,
বজালি যি বিশ্ব-ভোলা মিলন গগনা
নুমাবনে মৰমীৰ মৰম-বেদনা ?
শুনালি যিদিনা গীত শৃঙ্গাৰ ৰসত,
বিৰহিনী তপতীৰ
বই গ’ল অশ্ৰু-নীৰ
সম্বৰণ ৰূপ-ছবি ধৰি অন্তৰত ;
ভ্ৰমিলে কতনো দিন শৈল শিখৰত ৷
কৰিলিনে মুখৰিত ঋষি-তপোবন,
দেৱযানে উঠি আহি
প্ৰেম-নীৰে অৱগাহি
কি যাদু-মন্ত্ৰত হ’ল যুগল-মিলন
নুবুজিলো বিধাতাৰ অপূৰ্ব্ব বন্ধন !
নজানো কি গাইছিলি গিৰি কৈলাসত
মদনৰ শৰ ধৰি
কাৰ্ তপ ভঙ্গ কৰি
অভিশপ্তা হলি তই ভোগ-বিলাসত
সেয়েহে ভ্ৰমিছনেকি মৰ্ত্ত্য-প্ৰৱাসত ?
সংসাৰত তোৰ মান আশাশুধি নাই
মিলন-সম্ভোগ-আশা
জনায় প্ৰানৰ ভাষা
ব্যথিতৰ ব্যথা ভৰা দুখ পাতলাই ;
দাম্পত্য প্ৰণয়-বীজ দিছ ওপজাই ৷
গছে গছে পাতে পাতে লতাই লতাই
ৰূপৰ পোহৰ মেলি
নাজানো কি খেলা খেলি
ছয় ৰাগ সপ্ত সুৰে মুৰলী বজাই
ৰাখিছ সাদৰি তই ভুৱন ভুলাই
তয়েই অলকানন্দা প্ৰেম-মধুৰিমা,
জগতৰ অনুপম
তয়ে অতি প্ৰিয়তম,
তয়েই বসন্ত-দূত, শাৰদ প্ৰতিমা,
প্ৰচাৰিছ ঘৰে ঘৰে, মিলন-মহিমা ৷
কবি-লেখনীত তই নুফুটিলি কিয় ?
ৰূপ তোৰ নাই দেখি
অনাদৃতা হ’লিনেকি,
হ’লি জীৱ-জগতৰ অতি ক্ষুদ্ৰ জীৱ ;
কিন্ত, প্ৰিয়ে তয়ে মোৰ অতি প্ৰাণপ্ৰিয় ৷
চিৰদিন তই মোৰ হিয়াৰ আপোন ’
উদিছে মনত মোৰ
শৈশৱৰ চিত্ৰবোৰ,
কোন দূৰ অতীতৰ মায়াৰ সপোন ;
জগাই তুলিলি প্ৰিয়া স্মৃতি বিতোপন !
কোমলতা পৱিত্ৰতা সৌন্দৰ্য্য-মাধুৰি
প্ৰেম-প্ৰৱাহিনী হই,
আছ চিৰকাল বই,
স্নিগ্ধ সলিল্ত যেন থাকিম নাদুৰি !
পূৰাবিনে বাঞ্ছা মোৰ কচোন সাদৰী !
আৰতিৰ শঙ্খধ্বনি হ’ল বিশ্ব জুৰি ;
বিদায়ৰ শেষ বাণী
উচ্চাৰিলে সন্ধ্যাৰাণী,
ধীৰে ধীৰে মিলি গ’ল গীতৰ মাধুৰী ;
বিমোৰত পৰি ৰ’ল মায়া স্বপ্নপুৰী !