ৰণ-জেউতীৰ-পৰা
শিবিৰ শিবিৰে সুৱদী সন্ধ্যা
ফুলে কি প্ৰাণৰ ৰজনী-গন্ধ্যা!-
ঘৰে পৰে মিলি আঁকোলা-আঁকোলি
মুখত হিয়াৰ হাঁহি,
কেনি বাজে অই জোনোৱালী ৰাতি
নিমাতে মোহন ৱাঁহী!
গন্ধ-অনুলেপ, স্নান-আহাৰেৰে
জনে জনে হাঁহি মুকলি মনেৰে,
দিয়ে ঢালি চিত গীত-তৰঙ্গত
ঝঙ্কাৰ বীণাৰ তান;
নয়ন-বাণেৰে জিনে নাচনীয়ে
বাণেৰে নিজিনা প্ৰাণ |
শ্ৰমেৰে অৰ্জ্জা সুখৰ নিদ্ৰাই
গ্লানি শৰীৰৰ নিয়েহি নিৰাই;
পুৱালে’ প্ৰস্তুত দিণৰ ৰণলে’,
লাগে ঘুৰি মহামাৰ;
আপোন পৰৰ এনেটি সপোন,
চিনোযে নৰয় তাৰ!
এই অনুক্ৰমে যায় দহ দিন,
যিদিনা জাহ্নৱী হ’ল পুত্ৰহীন,
শৰৰ শয্যাত পৰি পিতামহ
গণিছে শেষৰ দিন;
নধৰা কৃষ্ণক অস্ত্ৰ ধৰালে
গ’ল ভকতিত লীন!
আখৰে আখৰে প্ৰতিজ্ঞা দুষ্কৰ
শেষ নিশ্বাসেৰে ৰাখিলে নিজৰ,
শৰৰ অঞ্জলি ল’লে অৰ্জ্জুনৰ
বুকুত দিলেযে ঠাই,
তীৰৰ শয্যাত পৰি ৰ’ল বীৰ
দিবলে’ তুলনা নাই |
এনেটি বীৰৰো আতঙ্ক জগালে,
দিনে দিনে কিযে চমক লগালে,
নিজ বীৰ্য্য-বলে বীৰ ঘটোত্কচ
ভাৰতত ধন্য হ’ল;
আৰ্য্যৰ হিয়াত অনাৰ্য্যৰ নাম
কল্পান্ত কাললে’ ৰ’ল |
শুনি হৈড়িম্বই ভীষ্মৰ নিপাত,
থমকি খন্তেক কৰে অশ্ৰুপাত,
‘অতদিনে ধৰা বীৰশূন্য হ’ল,
-ওলাল বুকুৰপৰা,
‘সাৰ্থক জনম এনেটি বীৰৰ
বিৰুদ্ধে যুদ্ধ কৰা |’
দশম দিনৰ হ’ল অৱহাৰ
ঘৰে পৰে মিলি কৰে হাহাকাৰ!
ভীষ্মৰ লগতে হিয়া দেৱতাৰ
নিজম পৰিল,-গ’ল!
ভিন ভিন পথ কুৰু পাণ্ডৱৰ
অশ্ৰুৰে নেদেখা হ’ল |
অৰ্দ্ধেকৰ বেছি উভয় পক্ষৰ
হ’ল অতদিন অতিথি যমৰ |
হতাশ যুঁজাৰু যুঁজত লগোৱা
কেনে সি কঠিন কাম
সাধিলে সহজে দাতাকৰ্ণে তাক
জলালে বীৰৰ নাম |
আচাৰ্য্য দ্ৰোণক পাতি সেনাপতি
ওলাল যুদ্ধলে’ ক্ৰুৰ কুৰুপতি;
সেনাৰ আগত কৰ্ণ মহাবীৰ
আহিছে হুঙ্কাৰ ছাড়ি,
ভীষ্মৰ বিহনে ল’ব প্ৰতিশোধ
আজি অৰ্জ্জুনক মাৰি |
কৌৰৱ সেনাৰ দ্ৰোণতে বিশ্বাস,-
দিলে দ্ৰোণে বুজি সীমাৰে আশ্বাস,-
‘ঘেৰি ধৰি আজি শ্ৰেষ্ঠ পাণ্ডৱৰ
আনিম সিংহক বেৰি,
দেৱৰো দুৰ্দ্ধষ অৰ্জ্জুনে যদিহে
দিয়ে অৱকাশ এৰি |’
দ্ৰোণে ৰচে বেহু, শকুনিৰ চাল,
উঠিছে গুজৰি কৰ্ণ মহাকাল,
একে দিনে যেন দিব জিকি ৰণ
নাচে দুৰ্য্যোধনে চাই;
এনেতে গাজিলে শঙ্খ কেশৱৰ
কুৰু-কুল চঁকি যায় |
হুৰা হুৰি লাগে দুয়োটি পক্ষৰ,
পাখি-আস্ফালন ক্ৰুদ্ধ গৰুড়ৰ!
যুঁজক সিফালে নাৰায়ণী সেনা
কৃষ্ণ অৰ্জ্জুনক ঘেৰি,
ভীম ভগদত্তে যুঁজক ইফালে
ধৰ্ম্মক মাজতে এৰি |
অলম্বুষ বীৰে ৰোধি হৈড়িম্বক
দিয়ক সুচল প্ৰমত্ত গজক,
ভগদত্তে যাতে আজিয়ে ভীমক
গচকি মাৰিব পাৰে |
চক্ৰাকাৰে বেহু ৰচে আচাৰ্য্যই
ক’ত অভিমন্যু সাৰে?
চমকি উঠিল যত কুৰু-বীৰ
দেখি সুৰক্ষিত ধৰ্ম্ম যুধিষ্ঠিৰ |
কোনে যেন কয় আকাশ-কোলাত,
‘অৰে অ’ দুৰ্য্যোধন,
বীৰ অৰ্জ্জুনৰ ৰথৰ সাৰথি
আপুনিযে নাৰায়ণ |’
কৰি শঙ্খধ্বনি সেনা নাৰায়ণী
ঘেৰে চতুৰ্দ্দিশ কৃষ্ণকো নগণি,
যুঁজি প্ৰহৰেক বীৰ ফাল্গুনিয়ে
নেপায় কেনিও ত্ৰাণ,
উত্তাল তৰঙ্গ গৰ্জ্জে সমুখত
চমকি যঠিল প্ৰাণ |
হঠাত পাৰ্থৰ পৰিল মনত
তাষ্ট্ৰ নামে বাণ আছে যে তূণত,
হানে গণ্ডীৱেৰে মনৰ উল্লাসে
অব্যৰ্থ সন্ধান তাৰ,
নিমিষতে সি কি বিভ্ৰম ঘটালে
লাগি গল ধৰ-মাৰ |
পৰস্পৰ দেখে কৃষ্ণ-ধনঞ্জয়,
কটা-কটি কৰি নিজে হ’ল ক্ষয়!
এটি প্ৰহৰতে নাৰায়ণী সেনা
ভালেখিনি গ’ল মৰি,
ফুলা মদাৰৰ অতনা গছনি
উভলি থাকিল পৰি |
উৰি গ’ল ৰথ য’ত যুধিষ্ঠিৰ,
লাগে ঘূৰি ৰণ দ্ৰোণ-ফাল্গুনিৰ |
ইফালে গজেৰে ভগদত্ত বীৰ
গৰজে ভীমক পাই,
উঠে কি জলক ৰণ-জেউতিৰ,
কাৰো পৰাজয় নাই |
সুপ্ৰতীক নামে প্ৰাগজ্যোতিষৰ
সুপ্ৰতীক সঁচা সমস্ত গজৰ,
এনে শিক্ষা তাৰ অদ্ভুত চালনা
নশলাগি কোনে পাৰে?
এই-এই-ধৰি শুঁৰেৰে মেৰাই
ভীমক আফালি মাৰে!
পলকতে ভীমে বুদ্ধি-প্ৰভাৱেৰে
বিদ্ধ কৰি শুঁৰ তীব্ৰ নাৰাচেৰে
বিজুলি বেগেৰে পৰিকি তলত
পেটত আঘাত কৰে;
ভীষণ চীত্কাৰ কৰি কৰীৰাজে
ত্ৰাসত আঁতৰি পৰে |
‘মাৰিলে মাৰিলে ভীমক মাৰিলে’-
পলাতকে কান্দি গগণ ফালিলে |
চমকি অৰ্জ্জুন চঁকি যুধিষ্ঠিৰ
উধাতুৱে আহে লৰি,
ডেও দি উঠিছে বীৰ ঘটোত্কচ,
অলম্বুষে ৰাখে ধৰি |
আহিয়ে দেখেকি ভীমে গদা লই,
আক্ৰমে গজক ঘৃতাছতি হই,
আঁজুৰি গজে সি গদা কাঢ়ি লই
ভীমৰ মূৰলে’ মাৰে,
একে উচালতে বায়ুৰ বেগেৰে
বাগি দি মাৰুতি সাৰে |
ক্ৰোধত অৰ্জ্জুন জ্বলে ভয়ঙ্কৰ
বৰষে ধেনুৰে অগণন শৰ;
শৰৰ জালেৰে আন্ধাৰ, আন্ধাৰ,
একোকে নমনা হ’ল;
বায়ৱ অস্ত্ৰেৰে আন্ধাৰ উৰাই
ভগদত্ত থিৰে ৰ’ল |
অস্ত্ৰই অস্ত্ৰই লাগে কটা-কটি,
নেঘাটে কোনোটি এটি খোজো হটি |
খঙত ভমকি ভগদত্ত বীৰে
বৈষ্ণৱাস্ত্ৰ লয় জুৰি;
কঁপিলে আকাশ কঁপিল পৃথিৱী
-আহে কালান্তক উৰি!
হঠাঁতে কৃষ্ণই আৱৰি পাৰ্থক
ধৰে বুকু পাতি অব্যৰ্থ অস্ত্ৰক,-
নৰকাসুৰৰ শৰ ভয়ঙ্কৰ
কৃষ্ণত বিলীন হ’ল;
শেষৰ ভৰসা প্ৰাগজ্যোতিষৰ,
আজি সি কৃষ্ণলে’ গ’ল |
কৰীকুম্ভ ভেদি সিংহ-নখাঘাত,
গাণ্ডীৱীৰ সি কি শৰৰ সংঘাত,
পৰে সুপ্ৰতীক আৰোহীৰ সতে
লৰিল ৰণৰ থলী;
অৰ্দ্ধচন্দ্ৰ বাণ হানিলে বুকুত
গ’ল ভগদত্ত হ’লি |
ছাড়ে সিংহনাদ পাণ্ডৱ সেনাই,
কৌৰৱ সেনাৰ আজি ধাতু নাই!
পূবলই চাই বীৰবৰে যেই
শেষৰ নিশ্বাস ল’লে,
এটুপি অশ্ৰুৰে এটি হুমুনিয়া
প্ৰগজ্যোতিষৰ বলে |