ভৱেন বৰুৱা|| ১৯৪১-

        সচ্ছতা

জলৰাশিত হূদয় নামি গ’ল

আৰু লাভ কৰিলেগৈ অতল বেদনাৰ

স্বচ্ছতাৰ সুৰ|

নল-খাগৰিৰ মাজত তাত অঁকা আছে

গুঞ্জনময় ৰেখাত

এখন মুখৰ স্বচ্ছ বেদনাবোৰ|

তাত দুই-এটা পচি যোৱা ফল|

সেই গভীৰতাত সকলো হ’ল স্বচ্ছ;

সকলো হ’ল নিৰূপিত-

হাতৰ ভৰ, পোহৰৰ ঢৌ, আন্ধাৰৰ বেগ…

ধুমুহাৰ বাবে আৰু ভয় নাইঃ

কোন উদ্মাদ আলোড়নতো হেৰাই নাযায়

সেই স্বচ্ছতাৰ সুৰ|