ৰিফৰ্ম্ম্ সুন্দৰী
ইণ্ডিয়া অফিচৰ কমাৰ-শালত
বিলাতী ধাতুৰ বিলাতী পাগত
গঢ়িলে ৰূপহী মণ্টেগু চেমছফৰ্ড
দুজনে হাতুৰী পিটি;
সুন্দ-ঊপসুন্দ- বধৰ কাৰণে
তাহানি গঢ়িছিল যিটি |
ৰিফৰ্ম্ম্ সুন্দৰী নামেৰে ৰূপহী
ওলাল দিবলৈ ভাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
ডঁহা চকুযুৰি দেখি গুচে দুখ,
মুগা চুলিটাৰ কেঁকোৰা-কেকুৰি
বতাহত ধেমালি কৰে,
ইন্দ্ৰধনু যেন আঁচলখনিয়ে
চকু জাল মাৰি ধৰে |
ৰূপহীক লৈ শিয়ান বাঢ়ৈয়ে
সাগৰত মেলিলে নাও;
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
ঢৌ তুলি তুলি খলক লগাই,
ৰমক-জমক্ আঁচল উৰাই
উজাই আহিল ধীৰে,
সাগৰৰ পাৰ কঁপাই তুলিলে
দৰ্শক-মণ্ডলীৰ ভিৰে |
“ৰিফৰ্ম্ম্ আহিছে” “ৰিফৰ্ম্ম্ আহিছে”
চৌপাশে উঠিল ৰাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
মজিল কতনা, তাৰ সীমা নাই,
শিয়াল-কঁটহীয়া চুমাৰ-লোভত
কতই এৰিল ভাত;
প্ৰেমৰ ৰসেৰে হূদয় ভৰিল,
হৰিল মুখৰ মাত |
কাৰ্য্য-সিদ্ধি দেখি যুগল বাঢ়ৈয়ে
ভাৰতত চপালে নাও;
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
আঁতৰি পলাল সন্দেহীৰ দল,
চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
ৰিফৰ্ম্মে হাঁহিলে মিচিকি মিচিকি
গপতে আপোন মনে,
চেনেহ-চুমাৰ টপাটপ্ আৱাজত
ধুমুহা উঠিল ঘনে |
নগৰে নগৰে সুন্দৰী ৰিফৰ্ম্মে
চলালে সবুট পাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
ৰিফৰ্ম্ম্-জনকে ঘোষণা কৰিলে
জিলাই ৰ্জিলাই যাকে
অধিক প্ৰজাই ভোট দি বাছিব
ৰিফৰ্ম্মে বৰিব তাকে |
পণ শুনি লৈ প্ৰত্যেকে ভাবিলে,
তেৱেঁই মাৰিলে দাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
গোটেই দেশত হ’ল হুলস্থুল,
ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
দুৱাৰে দুৱাৰে ভোট্-ভোটনি মাথোঁ,
ৰাইজ, মোক দিয়াঁ ভোট্,
নিশ্চয় বোৱাম গোটেই দেশত
উন্নতিৰ নতুন সোঁত |
ভোটৰ কাৰণে বক্তৃতা জুৰিলে
গোঁফত দি দি তাও;
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
ভোটৰ নিমিত্তে টঙনা-টঙনি,
কত ভোজ-ভাত, ইননি-বিননি |
পাহাৰী ভোটক তলত পেলালে
ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
য’তেই ৰূপহী ত’তেই ইদৰে
কন্দলে খোপনি পোতে |
ভোটৰ কাৰণে প্ৰাৰ্থীসকলে
প্ৰথমে দেখিলে গাওঁ;
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
জিলাই জিলাই নোৱাই-ধুৱাই
দিলে একোজন ভোটে উলিয়াই;
বৰ-বেশ পিন্ধি ৰমক্ জমক
ভেমত ওফন্দিল হিয়া;
পাঁচ পাণ্ডৱৰ পৰিণয় যথা
হ’ল ৰিফৰ্ম্মৰ বিয়া |
ঢোল খোল পেঁপা বাজিল সঘনে
আকাশত উঠিল ৰাও,-
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
ওলাল সকলো ৰাইজৰ ধনেৰে
নিজৰ জোলোঙা ভৰি,
ৰেল জাহাজতে ফুৰিলে বগাই
হনিমুন্ এনজয় কৰি |
ভেবা লাগি ৰ’ল ভোটাৰসকল
দেখি মেম্বৰৰ ভাও;
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও |
লাহ-বিলাহৰ ন ন সাজ কৰি
দিওঁতে নতুন গহনা-গাঁঠৰি,
ভাৰে ভাৰে ধন কেনিবা উৰিল,
ভঁৰাল উদং হ’ল;
ৰূপহীৰ মন যোগাওঁতে
পোতৰ টকাও গ’ল |
যিমানেই হ’ল ধনৰ নাটনি
ৰিফৰ্ম্মৰ চৰিল ভাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও
গতি-গোত্ৰ দেখি কোনোবা হতাশ,
কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
কোনোৱে কৈছে, “নালাগে ইজনী,
খেদোৱাঁ চুলিত ধৰি,”
কোনোৱে কৈছে “ৰিফৰ্ম্মক ৰাখিম
বুকুৰ বান্ধৈ কৰি|”
কোনোৱে কৈছে, “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
ভেঁটিত গজিব লাও,
শত্ৰুৱে বজাব ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও|”