ডিম্বেশ্বৰ নেওগ || ১৯০০-১৯৬৬

শেষ প্ৰয়াস
দিনৰ আৰতি শেষ!
এতিয়াহে মোৰ ৰুদ্ৰ আৰতি উজলিছে অনিমেষ!!
ছলেৰে বিদায়-আশীৰ্ব্বাদ মাগি
দিনৰ পোহৰ গ’ল ছিগি-ভাগি;
তাৰ আঁৰে আঁৰে কোনে কই গ’ল-“চন্দ্ৰকান্ত কি কৰিলি!
বিলাসত উটি দেশৰ সম্পদ কোন বাবে হেৰুৱালি?-
চন্দ্ৰকান্ত, কি কৰিলি!”

“পছিমেদি বেলি সউ বুৰোঁ বুৰো!-পোহৰোতো আৰু নাই!
-পোহৰ, পোহৰ! অন্ধ আকুল; ক’ত পৰিত্ৰাণ পায়?
সতাই বদন ধ্বংসৰ গৰাকী,
সতাই বদন দেশৰ নৰকী;
সতাই বদন ফুকন মন্ত্ৰী, কি কৰি ক’লই গ’লি?
অসমৰ হেৰ গৌৰৱৰ বেলি দুপৰতে বুৰোৱালি!
চন্দ্ৰকান্ত, কি কৰিলি!

অনুতাপ-দগ্ধ! জেকা দুচকুৰে আকাশলে’ চাই চাই
ৰজাৰ দুআঁঠু মাটিত লাগিল লাহে লাহে দোঁ খাই |
হাত যোৰ কৰি বুলিলে ৰজাই,
“এয়ে শেষ আৰু এয়ে শেষ! আই,
চকুলোৰে ধোৱা হিয়াৰ লোৱাঁচোঁ ৰক্ত-পূষ্পাঞ্জলি;
তাৰ বিনিময়ে স্বদেশ-ভক্তিৰ মাগোঁ আই নিৰমালি;-
নুবুলিবা, ‘কি কৰিলি’!”

‘নিতউ ইদৰে বেলি লহিয়ায়; ৰক্ত-ৰথত উঠি
উজ্জ্বল অদৃশ্য সন্ধ্যাৰ সিপাৰে বেলিটিও ফুৰে উটি |
আজি’ দৰে কিন্তু এনেকুৱা কৰি
বজ্ৰ-কঠিন নিষ্ঠুৰ বাতৰি
চন্দ্ৰকান্তসিংহ ৰজাৰ বুকুত থই যোৱা নাই শালি,
কই যোৱা নাই বিলাস-ভোগত এইদৰে বিহ ঢালি,-
“চন্দ্ৰকান্ত, কি কৰিলি!”

‘অনুতাপ-দগ্ধ চন্দ্ৰকান্তসিংহ! মুখত কিহৰ চেকা?
-স্বদেশ-মাতৃৰ মুখাগ্নিৰ বাবে বিষাদ-কালিমা অঁকা!
দেশৰ মঙ্গল-অমঙ্গল কথা
শুনি যাৰ একো নাই দুখ-ব্যথা
সি চন্দ্ৰকান্তৰ হিয়া এইদৰে পৰে কিয় আজি ঢলি?
অশ্ৰু-কোমল অন্তৰত কোনে এই সাঁচ থই গ’লি,-
“চন্দ্ৰকান্ত, কি কৰিলি!”

‘বদন মিতিৰ বৰ বিশ্বাসৰ, বদনেই গ’লি বধি;
নিজক দংশিলে, দেশকো ধ্বংসিলে, শত্ৰু সুমালেহি খেদি,
প্ৰজাৰ দুখৰ নাই আৰু পাৰ,
দেশৰ লখিমী হ’ল ছাৰখাৰ;
বঙহ বদনে মানৰ হতুৱাই কটাই মঙহ খালি!
আবৰী মানক বৰপীৰা পাৰি ভাল আনি বহুৱালি;-
অ’ বদন, কি কৰিলি!’

‘তথাপি জননী শেষ প্ৰয়াস হ’ব কাইলই পুৱা,
নিজ ৰক্ত দিব হয় চন্দ্ৰকান্তে, নহ’লেবা মিঙিমাহা |
এই মহগড়, এই মহগড়,
শেষ স্বাধীনতা-যুঁজ অসমৰ!
হয় বা উদিব প্ৰভাত-সূৰ্য্য, নহ’লে বুৰিব বেলি;
চন্দ্ৰকান্তৰ হৃদয়ৰ দাহ পুনৰ নুঠিব জলি-
“চন্দ্ৰকান্ত, কি কৰিলি!”

*
গহীন গহীন নিশাৰ আন্ধাৰ, কাঁহ পৰি জীন যোৱা,
ৰাজ্যত তেতিয়া ক’তো অকণিও কোলাহল নাইকিয়া |
নিদ্ৰা-ভাগৰত সকলো নিমাত,
ৰজাৰ মাথোন ছাটিফুটি গাত;
সমুখত সৌ ঢিমিকি ঢিমিকি বন্তিগছি আছে জলি,
সিও যেন কয়,-‘নুমাম এতিয়া, নাই আৰু বেছি বেলি
চন্দ্ৰকান্ত, কি কৰিলি!’

থাকোঁতে থাকোঁতে চিলমিলকই জাপ গ’ল দুটি চকু,
আধা সপোনত, আধা দিঠকত কঁপিল ৰজাৰ বুকু!
আধা-পোহৰত আধা-আন্ধাৰত,
ছায়া-মূৰ্ত্তি এটি ওলাল আগত,
বিয়াকুলভাবে ৰজাৰ পাছত পৰিল নিৰলে হালি;
ৰজাৰ মাথোন মুখত ফুটিল,-‘আক’ আহি দেখা দিলি?-
অ’ বদন, কি কৰিলি!’

বদনে বুলিলে,-‘স্বৰ্গদেৱ, মোৰ ক্ষমিবা সকলো দোষ,
সকলো পাপকে কৰিছে বদনে; চিন্তা নাই দেশদ্ৰোহ |
বদন অজ্ঞানী, বদন নৰকী,
কিন্তু সি নহয় দেশৰ পাতকী;
ৰজাৰ যিদৰে, প্ৰজাৰ যিদৰে, স্বদেশ সেৱাৰ থলী;
“নৰকী” বদনে ক’ব চিৰকাল “দেশৰ সেৱক” বুলি |’-
‘অ’ বদন কি কৰিলি!’
‘শুনা স্বৰ্গদেৱ, মৰিও বদন আহে তাকে ক’বলই-
দিয়াঁ বদনত শত পাতকৰ ভাৰ-পাছি ব’বলই;
কিন্তু যি কৰিলো, মই কৰা নাই;
মোৰ হাতে ল’লে লোকে কৰোৱাই!
মোৰ নামেৰেই কাল-অভিশাপ গ’ল যদি প্ৰতিফলি,
ঈশ্বৰে নকয়,- তয়েই সকলো পাপৰ ভগীয়া হ’লি-
অ, বদন, কি কৰিলি!

‘ৰাজ্যত ভিতৰি যত বেমেজালি দেখিছিলি সকলোৱে,
ৰজাৰ নামত দুখ বা এজনে নিজ প্ৰতিহিংসা বিহে |
ময়োতো নাছিলো লোক-হিতকাৰী!
বুলিছিল লোকে মোকো অত্যাচাৰী;-
দুৰ্ব্বোধ বদন! কি সাহে লোকৰ ভাল-বেয়া বাছিছিলি?
আবৰী মানক গৃহ-কন্দলৰ বিচাৰক পাতিছিলি!!
বদন, কি কৰিছিলি!

‘এই সকলোটি ভাগ্যৰ লিখন, এতিয়া ভাবি কি হ’ব?
কৰ্ম্মকলে বিহা শাস্তি সকলোৱে নিজ হাতে হাতে ল’ব!
প্ৰতিদ্বন্দ্বী পূৰ্ণানন্দ বা বদন,
নাই সি নৰকী সতাই ফুকন;
আছে মাথোঁ পৰি সমুখত সউ শেষ সমৰৰ স্থলী,
আছে আৰু মোৰ আৰাধ্যা মাতৃৰ শতেক পূজাৰ বলি,-
নাই আৰু “কি কৰিলি!”
‘উঠা আজি ৰজা, অতীত নেওচি, ভৱিষ্যৰ লই;
পৰগ্লানি এৰি স্বদেশৰ বাবে জগত জগোৱাঁ গই;
ৰণৰ পুৱাতে কৰিবাঁ প্ৰচাৰ,-
“দ্ৰোহী নাই কেও অসম প্ৰজাৰ,
মৰি বা জীয়াই প্ৰতি অসমীয়া মাতৃ-শৰণীয়া বলি!
নোৱাৰিলে কিন্তু শত্ৰুক দেখাব এই কথা হিয়া ফালি,
অসমীয়া, কি কৰিলি!”

*
হঠাতে ৰজাৰ কাণত পৰিল প্ৰথম কুকুৰা-ডাক,
দুচকু মোহাৰি চায় চাৰিপিনে, দেখিছিল স্বপ্ন কাক!
দেখিলে আগত, ঘোৰ অন্ধকাৰ-
বিৰিঙিল পুনু প্ৰতিভা পুৱাৰ,
কাণত বাজিল, প্ৰাণত বাজিল প্ৰভাতৰ ফেঁহুজালি;
‘হিয়াত কোনেনো ইমান পোহৰ, ইমান শকতি দিলে?
অ’ বদন কি কৰিলি!’

প্ৰভাতৰ স’তে সুপ্ত সৈন্যদল চেতনা জাগ্ৰত হ’ল,
দুৰ্ব্বল প্ৰাণেদি মাতৃৰ প্ৰেমৰ প্ৰৱাহ বাগৰি গ’ল,
হিয়াভগা শত কাহিনী সুমৰি
নৱ সৈন্যদল উঠিল গুমৰি;
বাজিল চৌদিসে ঢাক-ঢোল, ভেৰী, বাজিল মহৰী, কালি-
নোৱাৰিলে কিন্তু শত্ৰুক দেখাব মাতৃ-প্ৰেম হিয়া ফালি,
অসমীয়া, কি কৰিলি!

‘জয় চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ! জয় ৰাজসেনাপতি!
সমৰৰ ৰোল উঠিল পুনৰ মায়াৰ ৰচনা কাটি |
চন্দ্ৰকান্ত আহি নতুন উছাহে,
সদউ সৈন্যক ক’লেহি হেঁপাহে,-
‘বলা সৈন্যদল! আজিয়েই ব’লাঁ; নাভাবাঁ কি হ’ল কালি |’
নোৱাঁৰিলে কিন্তু শত্ৰুক দেখাব মাতৃ-প্ৰেম হিয়া ফালি,
অসমীয়া, কি কৰিলি!
‘অতীতক এৰাঁ, ভাবি কাম নাই; জীৱন্ত জাগৰিত!
পৰ-দোষাৰোপ সকলো অসাৰ, ফল তাৰ বিপৰীত |
ব’লাঁ আজিয়েই, আৰু কাল নাই-
নহ’লেই যাব বেলি ভটীয়াই;
লোৱাঁ লোৱাঁ হেৰা এতিয়াই সৱে ঢাল-তৰোৱাল তুলি,
নহ’লেই কিন্তু শত যুগলই কলঙ্কই খাব খুলি,-
“অসমীয়া, কি কৰিলি!”