শাপমুক্তা
উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!
কামত আতুৰ প্ৰেমিক সন্ন্যাসী এদিন সন্ধিয়া দিলেহি দেখা|
বুঢ়া লুইতৰ তৰংগে-তৰংগে, বিজুলীৰ যেন সোঁত অংগে অংগে
কিনো আচৰিত!গছ-গছনিত জিলিকি উঠিল ৰূপালী লেখা,-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
ই কি! শৰতৰ পূৰ্ণ শশধৰ! ওঁঠত কিহৰ মদিৰা ভৰা?
কিহৰ কাৰণে মতলীয়া হই আহিছে সঙ্গী সহস্ৰ তৰা?
নৱ কিৰণৰ শত পূষ্পবাণে, শতখনি হিয়া মদনেৰে হানে;
নোহোমায় তাৰ এটি চোকা শৰো, এনেখনি কাৰ কঠিন হিয়া?-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
বজ্ৰৰ নিষ্ঠুৰ স্বৰে যেইদিনা ঋষি-অভিশাপ ঘোষিত হ’ল,
যেইদিনা সেই কুসুম-শয়ন পাষাণ নিদ্ৰালা, বাগৰি গ’ল;
সিদিনাৰেপৰা কত প্ৰেমিকৰ পৰিছে আঘাত গীত-লহৰৰ!
নগলে পাথৰ, নজলে আখৰ, নজলে বুকুৰ জ্বলন্ত ভাষা,-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
কত প্ৰভাতৰ অৰুণ অধৰে জীৱনৰ ৰস ঢালি দি যায়,
অতীতৰ কত বিপুল বেদনা নিচুকায় জুৰ মলয়া-বাই!
ঋষি-অভিশাপে পোৰা হিয়াখনি লুইত বুকুত লভিছে জিৰণি;
তেওঁ দেখোঁ আৰু সেই হৃদয়ত প্ৰতিধ্বনি ক’ত এনুৱা আশা-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
কোন অনাহুত, কোন অভ্যাগত, কোন কামাতুৰ স্বৰ্গীয় ৰথী
আহি পালে আজি ই হেন সন্ধ্যা দিব্য পৰিধানে, ৰথত উঠি?
প্ৰেমিক-পৰাণ মদন-উদ্দীপ্ত, কামিনি উৰ্ব্বশী ঋষি-অভিশপ্ত;
জোনাকৰ এই উতলা পৰশে পাষাণত জানো জলাব ভাষা-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
লুইতৰ শুভ্ৰ ৰূপালী বালিত পাতিলে মদন-পিছলা শয্যা,
নীলাচল আৰু অশ্বক্লান্তে তাতে অক্লান্তে আৱৰি ৰাখিলে লজ্জা |
কেউপিনে উঠে গন্ধ-মধুৰিমা,- ই কি মিলনৰ প্ৰথম পূৰ্ণিমা |
ই কি পৃথিৱীতে প্ৰেমিক-প্ৰেমিকা প্ৰথম সাক্ষাত জোনালী নিশা!-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
বুঢ়া লুইতৰ বুকুতো উঠিল জিলমিলকই প্ৰেমৰ ঢউ,
পাষাণী সুন্দৰী উৰ্ব্বশীৰ কিন্তু সাৰ-সুৰ একো হ’বৰ মউ |
কাম-কলঙ্কিত চন্দ্ৰদেৱ আজি, কাম-অলঙ্কিত হৈ আহে সাজি!
সৰগৰপৰা মৰতত আজি পিছলি পৰিছে মিলন-শিখা-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
চুচুক-চামাক মদন-বিহ্বল নিশিৰাজ আহি চাপিল কাষ,
ভয়-চিন্তা কত আৱেগ-অগনি! নিব জানো মেলি প্ৰণয়-পাশ?
নউ আহি সউ ৰথ আকাশৰ পাই উৰ্ব্বশীৰ মূৰৰ ওপৰ,
পাষাণী দেৱীৰ কপালত দেখোঁ বিজুলী-ৰেখাৰে হ’লহি অঁকা-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
কত যুগ গ’ল, যুগান্তৰ গ’ল, বই গ’ল কত মলয়া বাৱ!
কত নাৱৰীয়া নাও বাই বাই কই গ’ল-উঠাঁ উৰ্ব্বশী মাৰ!
ছয় ঋতু কত বিবিধ চৰায়ে, কত বিমোহন নৱ সূৰ্য্যোদয়ে
কৰি যায় সেই একে আৰাধনা, একেটি আহ্বান একেটি কথা,-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
হায় অভিশপ্তা, হায় অনুতপ্তা! পাষাণী বেশেৰে আহিছে শুই;
শত অনুৰোধ তেও কিয় শুনে, তেও কিয় জলে সৌন্দৰ্য্য-জুই
যাৰ নয়নৰ এটি কটাক্ষেৰে, তপোভঙ্গ হয় সকলো মুনিৰে,
তাৰ দুৰ্ব্বাসাৰ এটি দুৰ্ব্বাক্যত ৰ’ব চিৰকাল ইহেন দশা?
নহয়, নহয়;- ‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
শত বৰষক শত হৰষৰ শত পৰশেৰে সৰস কৰি
স্বৰগত নাই সেই সৌন্দৰ্য্যৰ অপূৰ্ব্ব কালিকা নন্দনেশ্বৰী |
যি ধন হেৰাই স্বৰগ দুখীয়া, তাৰে স’তে হক মৰত সুখীয়া;
হাঁহাঁ হে স্বৰগ, হাঁহাঁ হে মৰত, হাঁহাঁ সৌভাগ্যৰ সেন্দুৰী ঊষা-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
ই কি! আকাশত দেৱতাসকলে কিবা আগন্তুক চাইছে জুমি?
কিৰণ-বেশেৰে অস্পৰাসকলে চুমি পৰে কিয় মৰতভূমি?
ই কি অনাঘ্ৰাত কুসুম-মাধুৰী, ই কি পৃথিৱীত নৱ স্বৰ্গপুৰী?
ই কি অভিনৱ নতুন সৃষ্টিৰ নৱ পাতনিৰ নৱীন ৰেখা-
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
সহস্ৰ যুগৰ সহস্ৰ দেৱৰ মুক্তিবাণী লই শিৰত আজি
উৰ্ব্বশী-উদ্ধাৰ হেতু চন্দ্ৰদেৱ আহিল প্ৰেমিক সন্ন্যাসী সাজি |
শাৰদী পূৰ্ণিমা-ৰূপ কিৰণেৰে মুক্তিৰ প্ৰসাদ জোনায়ে বিতৰে;
তাৰে প্ৰেৰণাত চোৱাঁ কি নতুন আশাই মেলিলে পোখা-
উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়সী, উঠাঁ যৌৱনৰ সাদৰী সখা!’
জাগৃত সউযে ভাগ্যৰ উদয়-অচলত দিব্য জেউতি-ৰাজি,
জাগৃতা, জাগৃতা পাষাণী সুন্দৰী ভুৱন-মোহিনী বেশেৰে সাজি!
স্বৰগে মৰতে আজলী বিজুলী, কিযে নৱ আশা উঠিছে উজলি |
কিযে মধুময়, পূত পৰিণয় উৰ্ব্বশী-চন্দ্ৰমা-মিলন-নিশা!
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়সী, উঠাঁ যৌৱনৰ সাদৰী সখা!’
গ’ল শত যুগ, কালাভিশাপৰ সেই বিষ-কোপ কেনিবা গ’ল;
মুকুলি স্বৰগ, মুকলি মৰত, বিশ্বৰ সকলো মুকলি হ’ল!
স্বদেশ-বিদেশ মুকলি মুকলি, ছিগিল লোহাৰ বন্ধন-শিকলি!
মুক্ত ঈশ্বৰৰ মুক্ত জগতত উজলিছে মুক্ত হোমৰ শিখা!
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’
এই মিলনৰ পৱিত্ৰ অগনি জ্বলাঁ জ্বঁলা আজি জগত জুৰি!
কাল-অভিশাপ পাহৰি পেলোৱাঁ, বাজাঁ হে মুক্তিৰ অমৰ ভেৰী!
জয় হে জোনাক-জীৱন-যুক্তা, জয় হে উৰ্ব্বশী, হে শাপমুক্তা,
জয় জয় সৱে নন্দন ৰাজ্যেৰ অধিবাসী এই জোনালী নিশা!!
‘উঠাঁ হে উৰ্ব্বশী, উঠাঁ হে প্ৰেয়্সী, উঠাঁ যৌৱ্নৰ সাদৰী সখা!’