-যজ্ঞেশ্বৰ শমা
দুখন তপোবন,
তাৰে এখনি মাটিত লাগি থকা;
ৰূপৰ চমক লাগি
কণা হয় চকু-
ওচৰক দূৰ কৰে,
দূৰক ওচৰ,
তাত
দেহাটোকে দেখে মনোহৰ |
বতাহত পাৰলিৰ গোন্ধ আহে,
টোপনিয়ে হেঁচা মাৰি ধৰে,
আনখন স্বগৰ্ৰ সীমাত;
তাত
চকুলোৰে গা ধুই
ভোগে আঁঠু লয়;
স্বৰ্গ আৰু পৃথিৱীৰ সীমা;
নাই তাত দেহৰ গৰীমা
ভোগৰ বুৰঞ্জী হয় শেষ;
ৰূপৰাণী সন্যাসিনী-বেশ |