থানেশ্বৰ হাজৰিকা || ১৮৯৮-১৯৪৩
বিহুৱান
মৰমৰ দীঘ দি চেনেহৰ বানি লই
হেঁপাহৰ আঁচুৰে বোৱা
সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান
মনেদি এবেলি লোৱাঁ |
ধনীৰে বিহুৱান পাট মেজাঙ্কৰী,
দিয়ে কি নিদিয়ে যাচি!
মোৰে এই বিহুৱান চেনেহৰে বোৱা
সপোনৰ কাঠীৰে বাছি |
কেতেকীৰে তিল, নাহৰৰে ঘিলা
সাজিছো বিহুৰে পিঠা;
তগৰৰে চিৰা, চেনেহৰে দই
কু-উ-কু মাতেৰে মিঠা,
মনে-পাজি-কটা চেলেং ছকাঠী
বুকুতে পাতিছো কাঁহী,
বিহুৰে বিহুৱান এয়ে তোমালই
যায় বতাহতে ভাহি |